Monday, August 17, 2020

NLC Part 4 (সংযোগ আৰু সংঘাত)

 "নৰকাসুৰ দেওৱে পালে নেকি? দুৱাৰদলিৰ ইপাৰো নোহোৱা, সিপাৰোঁ নোহোৱা যে?" তাই চক্ খাই উঠিল। পিছফালে ঘূৰি চালে তাই। মিঠা বৰণীয়া, টানি টুনি ৫ ফুট ওখ, ধুনীয়া চকুযুৰিৰে সৈতে ধুনীয়া ছোৱালীজনী। আগতে ক্লাছত তাইক দেখা মনত পৰা নাই। কি আচৰিত বাৰু। কলেজখনত কোনেও কাকো মাতিবলৈ অলপো কুণ্ঠাবোধ নকৰে যে!


"হেৰা, ভেবা লাগি চাই আছা যে, আহা আকৌ!" এইবুলি কৈ তাই অহালৈ বাট নোচোৱাকৈ ছোৱালীজনী পোনে পোনে গৈ বেঞ্চ এখনত বহি ললেগৈ।

"অ গৈছোঁ" বুলি লাহেকৈ কৈ তায়ো বাধ্য ছোৱালীৰ দৰে তাইৰ পিছে পিছে গলগৈ। ছোৱালীজনী গৈ বহা বেঞ্চখনত আন দুজনী ছোৱালী আগতীয়াকৈ বহি আছে।

"আঁহা আমাৰ লগতে বহাহি", ছোৱালীজনীয়ে এইবুলি কবলৈ পালেহে; তায়ো সাউৎকৈ গৈ বহি ললে সিঁহতৰ লগতে। ছোৱালীজনীৰ এনে ব্যৱহাৰ ভালেই পালে তাই। নহলে তাইৰ বাৰু আগতীয়াকৈ কাৰোবাক মাতিবলৈ কম সময় লাগিল হয়নে! তাই দেখিলে সিহঁত তিনিওজনীএ হাঁহি মাতি কথা পাতি আছে। হয়তো আগৰে চিনাকি। ভালেই হব। তিনিও জনিৰ লগতে তায়ো চিনাকি হৈ লব পাৰিব।


"গুড মৰ্ণিং ছাৰ", সকলোৱে একেস্বৰত কৈ উঠিল। চকুত চস্মা, বয়স ৪০ ৰ উৰ্দ্ধত, পৃথিৱী ৰ সমস্ত আক্ষেপ আৰু অশান্তি বোৰ কপালৰ কোঁচটোত কঢ়িয়াই ফুৰা শিক্ষক জনক দেখিয়ে মনটো চিৰিংকৈ গৈছিল।  


"ইহ্ ইমান সোনকালে আহিল যে", বিৰক্তিকৰ ভাৱ এটা লৈ মাত লগালে এজনীয়ে।

"তাকেহে পাই, কথা পতিবও নহল", ইজনিয়ে কলে। 



"অহ মোৰ নাম ৰিংকু, তোমাৰটো কি পিছে?" ৰেজিষ্টাৰ আৰম্ভ হোৱাত এইবাৰ ফুচফুচাই সুধিলে তাই।


"উমম, সমীক্ষা", নিজৰ সম্পূৰ্ণ ধ্যান ছাৰৰ ৰোল নাম্বাৰ মতাৰ ফালে দি কলে তাই।


"ঘৰ কত?" আকৌ সুধিলে তাই। 


"ইয়াতে, তোমাৰ কত?" এইবাৰ অলপ বিৰক্তি প্ৰকাশ কৰি কলে তাই।


"মই ঢকুৱাখনাৰ। 

কোন খন স্কুলত পঢ়িছিলা?", অলপ ৰৈ পুনৰ সুধিলে ৰিং কুৱে । তাইৰ খং উঠি গল, ৰিংকুক কিবা কব বুলি ঘূৰি লৈছিলহে, হঠাৎ নিজৰ ৰোল নম্বৰ মতা শুনিলে তাই।

"ছাৰ, ৰোল নম্বৰ ১৭ আছোঁ ছাৰ।" এইবুলি চিঞৰি উঠিল তাই।

" কি কৰি থাক নো ক্লাছ ত। কলেজ আৰম্ভ হোৱা এমাহ হোৱা নাই, ৰোল নম্বৰ মিছ হব ললেই। এবছেণ্টএ দিম আজি তোক।" ছাৰৰ এনে প্ৰতিক্ৰিয়াত তাই হাহো নে কান্দো হৈ গৈছিল। গোটেই ক্লাছতে কোৱা কুৱি আৰম্ভ হল। কোনোবাই হাঁহিলে, কোনোবাই ফুচফুচালে। কিছুমানে ঘূৰি ঘূৰি চাব ললে তাইক। তাই তলমুৰ কৰি বহি থাকিল।

"এনেকৈ অনবৰতে পেক্ পেকাই থকা ছোৱালী দেখিব মন নাযায়", বতাহত কাৰোবাৰ মাত ভাঁহি আহিল। লৰাৰ মাত। লগতে ঈষৎ মৰা এটা হাঁহি। ঘূৰি চাবৰ মন গৈছিল। লৰাটোৰ চেহেৰা নিজৰ মন মগজুত খোদিত কৰি লবৰ মন গৈছিল। কিয় জানো কিন্তু তাৰ চকুলৈ চোৱাৰ সাহস নহল তাইৰ, হয়তো চকুৰ একোণত জিলিকি থকা চকুপানী আৱিষ্কাৰৰ ভয়ত।

 লাজ, খং আৰু অপমানত তাই ৰঙা ছিঙা পৰি গল। এই  ৰিংকু বোলাজনীক বহুত কিবা কিবি কৈ দিবৰ মন আছিল তাইৰ। কিন্তু ছাৰৰ পৰা  আকৌ গালি শুনাৰ ভয়ত চুপ থাকিল। 


ছাৰে পঢ়োৱা আৰম্ভ কৰে মানে তাই চুচৰি গৈ বেঞ্চ খনৰ ইটো মূৰ পালেগৈ। কিন্তু ৰিংকু ও কম নহয়। তাইও চুচৰী বাগৰি আকৌ তাইৰ কাষ পালেগৈ। 


"নেক্স্ট ক্লাছ কি আছে তোমাৰ?" ইমান খিনি হৈ যোৱাৰ পিছতো যে এই ফুচফুচাবলৈ এৰা নাই। কি আচৰিত ছোৱালী! খং টোক কোনোমতে নিয়ন্ত্ৰণ কৰি তাই বৰ গহিনাই উত্তৰ দিলে, "হিষ্ট্ৰি!"


"ৱাহ, মোৰো হিষ্ট্ৰি! কি মজা!" টপৰাই কলে ৰিংকুৱে। বিৰক্তিত চেলাউৰি কোঁচ খাই গল তাইৰ! আৰু এটা ক্লাছত যে এইক সহ্য কৰাৰ শক্তি তাইৰ মুঠেই নাই, মনতে ভাবিলে তাই।


(আগলৈ....)

Sunday, August 9, 2020

NLC Part 3 ("আমি দুৱাৰ মুকলি কৰোঁ")

দিন বাগৰি সপ্তাহ হল, সপ্তাহ বাগৰি মাহ। কলেজত ১৪ টা দিন ক্লাছ হোৱাৰ পিছত গৰম বন্ধটো পাইছিলহে, আকৌ কলেজ খুলিবৰ হলেই। এই গৰম বন্ধ হৈছে উৎকণ্ঠা আৰু কল্পনাৰ সময়। কলেজ খোলালৈ উৎকণ্ঠাৰে বাট চোৱা, নতুন চিনাকি বন্ধুবোৰ আৰু নতুন বন্ধুত্বক লৈ নানা কল্পনা! এই বন্ধৰ সুযোগ লৈয়ে তাইও খুলি ললে ফেচবুক একাউণ্ট এটা। প্ৰথম প্ৰথম ফেচবুক খোলাৰ উচাহ; মনত অফুৰন্ত উত্তেজনা। যেন এক নিষিদ্ধ ফল, লুকাই চুৰিকৈ তাৰ সোৱাদ লোৱাৰ আমেজেই সুকীয়া! প্ৰফাইলত নিজৰ ফটো দিওঁ নে নিদিওঁ এই দোমোজা, নতুন নতুন মানুহ লগ পোৱাৰ উৎসুকতা, ভাৰ্চুৱেল পৃথিৱীখনৰ ভাৰ্চুৱেল আন্তৰিকতা! এক নতুন অভিজ্ঞতা; সৰু মনবোৰৰ এই সৰু সৰু ফুৰ্তিবোৰ!

নটিফিকেশ্বন আহিব ধৰিলে। Friends you may know ত কিছুমান চিনাকি নাম কিন্তু অচিনাকি চেহেৰা, কিছুমান চিনাকি চেহেৰা অথচ অচিনাকি নাম। একাউণ্ট খুলিছিল হে মাত্ৰ, ফ্ৰেইণ্ড ৰিকুৱেষ্টৰ উজান উঠিব ধৰিলে। স্ক্রল কৰি গল তাই। কিন্তু হঠাৎ এটা নাম দেখি ৰৈ গল।চিনাকি নাম, চেহেৰাও চিনাকি। আৰু তাই নিশ্চিত যে কেৱল তাইৰ নহয়, ক্লাছৰ প্ৰতিটোৰে চিনাকি এই চেহেৰা। যুদ্ধলৈ ঢাপলি মেলা খোজ, চিনি নাপালেও মাত এষাৰ দি যোৱা স্ৱভাব, আত্মবিশ্বাৰ ভাণ্ডাৰ, অতি সোনকালেই বিখ্যাত হৈ গল লৰাটো। মনত আছে তাক প্ৰথম দেখা। তাই সোমাই গৈছিল ক্লাছলে। সি বহা বেঞ্চ খনৰ চাৰিওফালে জুম পাতি লৈছিল ১৫-২০ জন লৰা ছোৱালী য়ে। সি কাৰোবাৰ 'মিমিক্ৰী' কৰিছিল আৰু গোটেইজাক হাঁহিত বাগৰি গৈছিল। তাইয়ো ওচৰৰে বেন্স এখনত বহি লৈ শুনিবলৈ চেষ্টা কৰিছিল। কোনোবা গায়িকাৰ মাতত গান গাইছে। শুনিবলৈ হুবহু একে হৈছে! ইমান ধুনীয়া কৈ ছোৱালী ৰ মাতত গান গাব পাৰে! কম টেলেন্টেড নহয়!


তাৰ প্ৰফাইল চাব ধৰিলে তাই। আৰ্ট কৰে। খুউব ধুনিয়া! কাৰুশিল্পতো উস্তাদ। তাইছোন একো নাজানে। কলা শিল্পৰ সৈতে দূৰ দুৰণি লৈকে একো সম্বন্ধ নাই তাইৰ! পাৰিবনে চাগে মিলিব?


তাৰ ফটোৰ কমেণ্টবোৰ পঢ়ি যাব ধৰিলে তাই। এটা কমেণ্ট দেখি থমকি ৰল।

                   "আঃহা দেবু ভাই, ফালি দিছা!"

                   "হে হে হে, থেংক ইউ প্ৰাণ কাই"


প্ৰাণকৃষ্ণৰ কমেণ্ট, আন এটি চিনাকি নাম। হিষ্ট্ৰি ক্লাছ ত প্ৰথম দেখা হৈছিল তাৰ সৈতে। ভূগোল, ইতিহাস, ৰাজনীতি আৰু সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ প্ৰাণে কেবল ছাত্ৰ ছাত্ৰী নহয়,অতি কম দিনতে শিক্ষক সকলৰো মন চুই যোৱাত সফল হৈছিল। তাই জুমি জুমি চাইছিল তাৰ ফালে; মেট্ৰিক ত ৯৩% পোৱা লৰাটো দেখাত তেনেই সাধাৰণ। তাক দেখিলেই গম পোৱা যায় যে সি পথাৰৰ বোকা মাটিৰ গোন্ধ লৈ আৰু গাঁৱৰ পানী খাই ডাঙৰ হৈছে।


কেইটামান চিনাকি নাম তাই নিজেই বিচাৰিব ধৰিলে ফেচবুকত।

লখিমপুৰ ৰ ভিতৰত ইংৰাজীত সৰ্বোচ্চ নম্বৰ পোৱা বিৰাট ফুৰ্তিবাজ আৰু জীৱনক প্ৰচুৰ পৰিমাণে ভালপোৱা মাম্পি লাহন, সকলোৰে সৈতে নিজে নিজে মাতি গৈ চিনাকি হোৱা; সদায় হাঁহিমুখে থকা চিৎপখিলী মিছ প্ৰিয় দৰ্শিনী , ক্লাছৰ আটাইতকৈ চোকা ছোৱালী আৰু জুবিন দাৰ ভাষাত কাকো খাতিৰ নকৰা পৰী; যাৰ সৈতে এডমিশ্যন লবলৈ যোৱাৰ দিনাই চিনাকি হৈছিল তাইৰ, এই সকলোকে বিচাৰিব ধৰিলে। কিছুমানক পালে, কিছুমানক নাপালে! বিচাৰি নোপোৱা চেহেৰা খিনিক পুনৰবাৰ লগ পোৱাৰ আশাৰে তাই ফোনটো থৈ শুই থাকিল।


কলেজৰ মুখ্য গেটেৰে সোমাই যাব পৰাকৈ এতিয়াও তাইৰ লাজ আৰু সংকোচ দূৰ হোৱাই নাছিল। সেয়ে তাই দ্বিতীয় গেটেৰে কলেজ সোমায়। ইয়াৰ পৰা ১২ নং ৰুমটোও ওচৰ হয়! গৰম বন্ধ শেষ হোৱাৰ পিছত আজি কলেজত প্ৰথম দিন। আজিও তাই দ্বিতীয় গেটেৰে কলেজত প্ৰবেশ কৰিলে। পলিটিকেল দিপাৰ্টমেণ্টৰ কাষেদি পাৰ হৈ গৈ ৰুমত সোমাই লৈয়ে বহুত কেইটা চিনাকি চেহেৰা দেখিলে তাই। মনটো কিবা এটা ভাল লাগি গল। ক্লাছ আৰম্ভ হবলৈ এতিয়াও ২০ মিনিট বাকী।

কোনোবাই ডেক্সত বহি লৈ কথাৰ মেল পাতিছে, কোনোবাই বোৰ্ড ত নিজৰ কলাকাৰি দেখুৱাইছে, কোনোৱে বেঞ্চৰ চুকত বহি খিৰিকিৰে বাহিৰলৈ চাই পঠিয়াইছে, কিছুমানে নিজৰ মাজতেই ভাৱত বিভোৰ হৈছে। কোনোবা এখন বেঞ্চত লৰা এজনে কিতাপৰ মাজত চকু ফুৰাইছে, কোনোৱে আকৌ চশমাৰ ফাঁকেৰে ক্লাছৰ সুন্দৰী জনীক লুকাই চুৰিকৈ নিৰীক্ষণ কৰিছে। সকলো নিজৰ মাজত মছগুল। তাই লক্ষ্য কৰিলে প্ৰায়ভাগে ইতিমধ্যে এটা এটাকৈ জুম পাতি লৈছে। চিনাকিবোৰ বাঢ়িছে। হাঁহিৰে চাৰিওকাষ মূখৰিত। পিছে তাই? তাই সকলোকে চিনি পোৱা হৈছে। কিন্তু তাইক কোনোবাই চিনি পাইনে? তাই কোনটো জুমত সোমাবগৈ? কোনটো গ্ৰুপৰ হাঁহিৰ অংশীদাৰী হব তাই?


(আগলৈ..)

Saturday, July 25, 2020

NLC Part 2 (দেৱদাৰু নগৰী)

বহুতৰ বাবে সপোন এই নৰ্থ লখিমপুৰ কলেজ। কলেজখনৰ আগেদি পাৰ হৈ যাওঁতে দূৰ্বাৰ হেপাহ জাগিছিল তাইৰ; এবাৰ ভিতৰত সোমাই লৈ কলেজখন চাই যোৱাৰ! মায়াৰ নগৰীখনত এবাৰলৈ সোমাই ভুমুকি মাৰি যোৱাৰ প্ৰবল উন্মাদনাক প্ৰচণ্ডশক্তিৰে প্ৰশমিত কৰি ৰাখিছিল; তাই ভাবিছিল, কলেজখনত তাই গৰ্বৰে প্ৰবেশ কৰিব, কলেজখনৰ এটা অংগ হৈ!


কিছুমানৰ কাৰণে দিঠকত পৰিণত হয় সেই দিন; কিছুমানৰ কাৰণে সপোন হৈয়ে ৰৈ যায়। কলেজখনলৈ অহাৰ পিছতহে গম পোৱা যায় কি যে এক বিশেষ অনুভূতিৰ পৰা বঞ্চিত হৈ আছিলে আপুনি। একো হেৰুওৱা নাছিল; অথচ বিশেষ একো পোৱাও নাছিল। ৭০/৮০/৯০ শতাংশ নম্বৰ লৈ যেতিয়া কলেজ গেটৰ ভিতৰত ভৰি দিয়া হয়; নিজকে জীৱন যুঁজৰ অঘোষিত বিজয়ী যেন লাগে!



দেৱদাৰু নগৰীত প্ৰথমটো দিন। কৃষ্ণচূড়াৰ ৰঙাখিনিয়ে মন আপ্লুত কৰে। চাৰিওকাষৰ সেউজীয়াবোৰে বুকখনিত থিতাপি লয়। স্কুলৰ চাৰিবেৰৰ মাজৰ একঘেয়ামী জীৱনৰ পৰা ওলাই আহি এই অজান কিম্বা ৰোমাঞ্ছকৰ দেশখনত খোজ দিয়াত ভৰিৰ শিকলিডাল অলপ সোলোকা যেন অনুভৱ হয়। মনবোৰ উৎফুল্লিত যদিও ক'ৰবাত যেন ভয় এটা আছে। কলেজখনে বা তেওঁলোকক গ্ৰহণ কৰে নে নকৰে! যদিহে তাই কলেজখনক আপোন কৰি ল'ব নোৱাৰে? যদিহে পৰিৱেশটোত খাপ খাব নোৱাৰে? তেতিয়া কি হ'ব? বহুতো প্ৰশ্নৰ জোৱাৰ উঠে মনবোৰত। উত্তৰটো পাব কলেজ গেটখনৰ সিপাৰে!


ঘৰখনৰ নোমলীয়া পো-জীয়ৰীৰ ঘৰ এৰি অহাৰ শোকে বুকুত খুন্দা মাৰি ধৰা; গাঁৱৰ বাহিৰলৈ অকলে কাহানি ওলাই নোপোৱা ল'ৰাটো/ছোৱালীজনীৰ ভয়ত বুকুখন কঁপি উঠা; কোনো লগৰ, কোনো চিনাকী নোহোৱাকৈ কলেজখনত অকলেই প্ৰৱেশ কৰোতে বুকুৰ স্পন্দন দ্ৰুতগতিত বাঢ়ি অহা; প্ৰত্যেকেই কম বেছি পৰিমাণে হ'লেও এই অনুভৱবোৰৰ মাজেৰে যায় নিশ্চয়!


কলেজৰ ভিতৰত সোমাই গৈয়েই ৰুম বিচাৰি হাবাথুৰি খোৱা; অৱশেষত যেনে তেনে ৰুমটো বিচাৰি ওলিয়াই ২-৩ টা পিৰিয়ড পাৰ হৈ যোৱাৰ পিছতহে ক্লাছৰুমত সোমোৱাৰ অভিজ্ঞতা হ‌য়তো খুউব কমৰহে নোহোৱাকৈ আছে; নহয়নে? ক্লাছৰুমত সোমাইয়ে ১৫০-২০০ ছাত্ৰ ছাত্ৰী দেখি আচৰিত হোৱাটোও অস্বাভাৱিক নহয়! প্ৰথম কেইদিনমান অকলশৰীয়া অনুভৱ কৰি ভয় খোৱাটোও তেনেই সাধাৰণ!


দেৱদাৰু নগৰীলৈ বুলি স্কুল এৰি ওলাই অহাৰ সময়ত বেছিভাগ ল'ৰা ছোৱালীৰ বয়স ১৫ বা ১৬ বছৰ থাকে। প্ৰায়বোৰৰেই একো সপোন নাথাকে। গাঁৱৰ সহজ সৰল অথবা যোৱা ১৫ টা বছৰেই মাঁক দেউতাকৰ ছত্ৰছায়াত পাৰ কৰি দিয়া বহুতৰ বাবে জীৱনটোক লৈ দেখা সপোনটো কি; সেয়া এক উত্তৰহীন প্ৰশ্ন। তাইৰো নাছিল কোনো সপোন। স্পৰ্শকাতৰ মন আৰু অপৰিপক্ক মগজু লৈ ভৰি দিছিল কলেজখনত। নিজৰ সৈতে পৰিচয় তাইৰ তেতিয়াও হোৱাই নাছিল।


"কি কোৱা!‌ ৮ নং ৰুমৰ পৰা চিধাই জিঅ'গ্ৰাফী ডিপাৰ্টমেন্ট যাব লাগিব?‌ ইমান দূৰ! ভাগৰ লাগি যাবচোন, আৰু ক্লাছলেও দেৰি হ'ব!"

মিছা ক'লে কি হ'ব; এই অভিযোগ মাথো বাহিৰত দেখুৱাবলৈহে! ভিতৰি নিজকে কিমান ডাঙৰ যেন অনুভৱ হয় সেয়া লিখি বুজাৱ নোৱাৰি। স্কুলীয়া জীৱনত দিনটো একেখন বেঞ্চত পাৰ কৰি দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে নৰ্থ লখিমপুৰ কলেজত আহি প্ৰতিটো ক্লাছ বেলেগ বেলেগ ৰুমত কৰিব পোৱাটো কম ফূৰ্তিৰ কথা নহয়। তাতে যেতিয়া ক্লাছবোৰ বেলেগ বেলেগ বিল্ডিঙত হয়, তেতিয়া ভাগৰ লগা আৰু দেৰি হোৱাটো মাথোঁ এটা অজুহাত; মনৰ উৎসূকতাবোৰ ঢাকি ৰাখিবলৈ।


প্ৰথম দিনা ক্লাছৰুমত সোমাইয়ে বুকুখন চিৰিংকৈ যায়!‌ কিছুমানে জুম পাতি থাকে, বোধহয় কলেজ অহাৰ আগৰ পৰাই চিনাকী। কলেজলৈ সোনকালে গৈ আগৰ বেঞ্চ কেইখন অধিকাৰ কৰি অবৰ্ণনীয় সুখ পোৱাসকলো প্ৰতিটো বেট্চতে বৰ সুলভ; মাজৰ বেঞ্চবোৰত কথাৰ পাক, নতুনকৈ চিনাকী হোৱাৰ কত উছাহ, তাৰ মাজৰে কেইজনৰ নাম নজনাকৈয়ে বছৰ বাগৰি যায় তাৰ ঠিকনা আপুনিও দিব নোৱাৰে। শেষৰফালে হাঁহিৰ ঢৌ উঠে! এইবোৰ সঁচা হাঁহি, কালামৰ মন্ত্ৰেৰে বিভূষিত! এই হাঁহিৰ জাকটোৱে জীৱনত হাৰিলেও পুনৰ উঠি যুঁজি যোৱাৰ প্ৰচণ্ড হেপাঁহ ৰাখে,  সমাজখনক ধৰি ৰাখে , মানুহৰ দৰে জীয়াৱ শিকে ।


ফুচ্ফুচনি ভাহি আহে বতাহত; লগতে কিছুমানৰ খিলখিলনি আৰু কিছুমানৰ উদ্বিগ্নতা মিশ্ৰিত মাত। প্ৰত্যেককেই খুউব ভালদৰে নিৰীক্ষণ কৰিবৰ মন যায়! চেহেৰাবোৰ পঢ়ি চাব পৰা হ'লে!


কোনেও নাজানে কোন কাৰ ভাল বন্ধু হ'বগৈ; কাৰ মাজত লুকাই থাকিব ক্লাছটোৰ ৰ'কষ্টাৰ আৰু কোন হ'ব নিজৰ কলমেৰে তোলপাৰ লগাই দিয়া সাহিত্যিক। কোনজনৰ কলাই ক্লাছৰুমত সকলোকে আচৰিত কৰি তুলিব; কাৰ নৃত্যই সকলোৰে মন মোহিব; কোনেও নাজানে! 


কাৰ নিয়তিয়ে কাক ক'লৈ নিব? কোনেও নাজানে!


(আগলৈ....)

Saturday, July 18, 2020

NLC Part 1 (কলেজ চাৰিআলি)



জুলাই মাহ, গেলি পছি যোৱা গৰম, ছাতি লগত ৰাখি ফুৰাৰ প্ৰশ্নই নুঠে। কিন্তু ঘপকৈ বৰষুণ দিয়াত কাষৰে দোকান এখনত ৰৈ দিবলগীয়া হ'ল। আগতে লগৰবোৰৰ ফোনত দৌৰি দৌৰি কলেজ চাৰিআলিলৈ বুলি ওলাই যোৱা তাই জনী আজি বহুত দিনৰ মূৰত এইফালে আহিল। সকলোৰে হয়তো তেনে হৈছে, নহয়নে? যে সন্ধিয়া এনেই এপাক কলেজ চাৰিআলিলৈ ওলাই নগ'লে মনটো কিবা উকা উকা লাগি থাকে! কিন্তু আগৰ দৰে হৈ থকা নাই কলেজ চাৰিআলি, বহুত সলনি হৈ গ'ল। তেতিয়াৰ চিনাকী মনবোৰেৰে ভৰি থকা কলেজ চাৰিআলি আজি অচিনাকী চেহেৰাৰে ভৰা।

নৰ্থ লখিমপুৰ কলেজৰ পৰা পূবলৈ ওলাই গ'লেই পায় কলেজ চাৰিআলি খন। লখিমপুৰ গাৰ্লছ কলেজৰ পৰা কলেজ চাৰিআলিলৈ আহিলে আপুনি শুনা পাব ৰাস্তাটোৰ বাওঁফালে থকা ম'ম' হাউছৰ পৰা ভাঁহি অহা ল'ৰা ছোৱালীৰ হাঁহিৰ খিলখিলনী। অলপদূৰ আগুৱাই গ'লেই দেখা পাব 'অধ্যয়নশালা' বয়জ্ হোষ্টেলৰ সন্মূখত ডেকাসকলৰ সংগম; আৰু তাৰ বিপৰীতে থকা দোকানবোৰত ডেকাৰ আড্ডা! কিছুমানৰ চিগাৰেট আৰু পান মছলাক লৈ ব্যস্ততা, কিছুমানক দেখিব পিঠিত বেগ লৈ টিউচন যাওঁ নাযাওঁ কৈ সেমেনা সেমেনি কৰি ৰৈ থকা! 

কলেজ চাৰিআলিৰ মাজ মজিয়াৰ পৰা সোঁফালে ঘূৰিলেই দেখা পাব আণ্টীৰ দোকান; য'ত অনবৰতে ডেকা গাভৰুৰ সমাগম ঘটিয়েই থাকে। কিছুমানে চাহত শোহা মাৰে, কিছুমানে প'প, পেটিজ্ আদিৰে ভোকৰ তাড়না গুছায়! তাৰ সন্মূখতেই আপুনি দেখিব মাংস কিনিবলৈ হেতা ওপৰা লগা ল'ৰা ছোৱালীৰ জাকটো। লগতে শুনা পাব কিছু নিলগৰ পৰা বতাহত ভাহি আহিছে বিভিন্ন কামসূত্ৰে আৰ.পি ষ্টুডিঅ'ত গৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি বহি থকা জাকটোৰ হুমূনিয়াহ!

আপুনি যেতিয়া কলেজ চাৰিআলিৰ পৰা পশ্চিমমুৱাহৈ নৰ্থ লখিমপুৰ কলেজৰ চেকেণ্ড গেটৰ ফালে আগবাঢ়িব; প্ৰথমতেই বাওঁফালে দেখা পাব হোষ্টেললৈ বুলি পাচলি কিনিবলৈ অহা গাভৰুৰ দল। সোঁফালে নন্দীৰ দোকানত চাহ চিঙৰাৰ সোৱাদ লৈ কথাৰ মহলা মৰা ন-জোৱানৰ জাক। তাৰ কাষতেই আপুনি দেখিব শইকীয়া দাৰ দোকান। অ' পিছে দোকানখনৰ নাম 'অভিনব বুক ষ্টল', কিন্ত্ত বিখ্যাত সেইখন শইকীয়া দাৰ দোকান বুলিহে! চাৰিটা বাজি পাৰ হৈ যোৱাৰ পাছতো হোষ্টেল অথবা মেছলৈ যাবলৈ সময় নোপোৱা ছাত্ৰ ছাত্ৰী; কিতাপ, আলোচনী, বাতৰি-কাকত, বিভিন্ন জেৰক্স কপিজ আৰু প্ৰেক্টিকেলৰ বহীবোৰৰ মাজত ভাবত বিভোৰ। লগতে দেখিব অলপ দূৰৈত অৱস্থিত ছায়া বিউটি পাৰ্লাৰৰ পৰা ভাহি অহা প্ৰসাধনৰ সামগ্ৰীৰ গোন্ধ আৰু 'পাকঘৰ' ৰেস্তোৰাঁৰ পৰা ভাহি অহা পকৱানৰ গোন্ধ বতাহত মলমলাই আছে!


এই যে সকলোৰে চেনেহৰ আণ্টীৰ দোকান!‌ কিমান যে স্মৃতি জড়িত হৈ আছে এই আণ্টীৰ দোকানখনৰ সৈতে! সকলোৰে যেন আড্ডাৰ থলি এই আণ্টিৰ দোকান। কেণ্টিনত ভিৰ দেখিলে যাব আণ্টীৰ দোকান; ৰাতিপুৱা টিউচনৰ পৰা ওভতি আহোতে চাহৰ তৃষ্ণা পূৰাবলৈ সোমাব আণ্টীৰ দোকান; ডেই-পূৰি যোৱা গৰমত আইচ ক্ৰীম খাবলৈ সোমাব আণ্টীৰ দোকান!

 আৰু যে  অভিনৱ বুক ষ্টল'ৰ শইকীয়া দা! ত্ৰিশৰ ঊৰ্দ্ধত হ'লেও ল'ৰা ছোৱালীৰ কাষতচোন শইকীয়া দা সিহঁতৰ সমবয়সীয়া হৈ পৰিছিল। ৰাজনীতিৰ পৰা আদি কৰি অৰ্থনীতি, সাহিত্য চৰ্চাৰ লগতে হাঁহিৰ খোৰাক তোলা কত যে আড্ডা বহিছে তেওঁৰ দোকানত।

কত কবিতাৰ উৎস এই কলেজ চাৰিআলি, কত গল্পৰ অন্ত কলেজ চাৰিআলি। কলেজ চাৰিআলি যেন সাক্ষী হৈ ৰৈছে কত প্ৰেমিক প্ৰেমিকাৰ গোপন সন্ধিক্ষণৰ; ছাত্ৰ ৰাজনীতিৰ কত সংঘাতৰ; বন্ধুত্বৰ নামত উচ্ছৰ্গিত প্ৰথম কাপ চাহ আৰু বিদায় বেলাৰ শেষৰ চাহ কাপো এই কলেজ চাৰিআলিতেই খোৱা হৈছে। এই কলেজ চাৰিআলিতেই কত ডেকাৰ 'লভ এট্ ফাৰ্ষ্ট চাইট্' হৈছে; কত যুৱতীয়ে সপোনৰ কোঁৱৰজনক এই কলেজ চাৰিআলিতেই লগ পাইছে। গধূলি ল'ৰাবোৰৰ আড্ডা, হাই কিৰিলি আৰু উৎপাতত ৰাস্তা পাৰ হ'ব নোৱাৰা কত যুৱতীৰ অভিযোগৰ সাক্ষী হৈ ৰৈছে এই কলেজ চাৰিআলি!

কলেজ চাৰিআলি বুলিলেই কিছুমানৰ কাৰণে 'শৰ্মা দা'ৰ দোকানৰ সন্মুখৰ খটখটিত বহি দিয়া আড্ডা; কিছুমানৰ কাৰণে ম'ম' হাউছৰ চিকেন ম'ম'; কাৰোবাৰ কাৰণে বৰষুণৰ বতৰত একেটা ছাতিৰ তলত ঠেলা হেঁচাকৈ ৩-৪ জন সোমাই পকৰি খাব যোৱা; কাৰোবাৰ কাৰণে লুকাই চুৰিকৈ জীৱনৰ প্ৰথমটো চিগাৰেট হুপা!

কলেজ চাৰিআলি মানেই চাৰিওফালে মুখৰিত গাভৰুসকলৰ কিৰিলি পৰা হাঁহি; কলেজ চাৰিআলি মানেই ডেকাসকলৰ কাণ তাল মৰা চিঞৰ; কলেজ চাৰিআলি মানেই প্ৰিয়জনক দেখি মনত সৃষ্টি হোৱা হাজাৰটা আলোড়ন; কলেজ চাৰিআলি মানেই দূখবোৰৰ পৰা ক্ষন্তেকৰ বাবে হ'লেও অপসৰণ!

কলেজ চাৰিআলি আন একো নহয়, প্ৰতি বছৰে নৰ্থ লখিমপুৰ কলেজলৈ বুলি ঢাপলি মেলা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ বাবে ই এক জীয়া কবিতা!


বি.‌দ্ৰ. সকলোৰে আবেগ অন্তৰ্ভুক্ত কৰিব পৰা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী!

Tuesday, July 14, 2020

কথোপকথন



-  প্ৰেম কি?

-  প্ৰেম হ'ল এক অব্যক্ত অনুভূতি, এক আসক্তি, এক দৈৱিক শক্তি।

-  প্ৰেম আৰু দৈৱিক শক্তি…. কেনেকৈ?

-  প্ৰেমে মৰহি যাব ধৰা পুলি এটিক সজীৱ কৰি তুলিব পাৰে, ঘৃণাই সৃষ্টি কৰা দেৱালখন প্ৰেমে ভাঙি দিব পাৰে! প্ৰেমে মৃত হৃদয়ক জীপাল কৰি তুলিব পাৰে। গতিকে প্ৰেমক দৈৱিক আখ্যা দিব পাৰি।

-  আচ্ছা! প্ৰেম হোৱা বুলিনো কেনেকৈ জনা যায়?

-  তুমি তোমাৰ মাঁ-দেউতা, দাদা-বা, বন্ধু-বান্ধৱক ভালপোৱা বুলি বেলেগকৈ জনাবলগীয়া হয় জানো?
-  তেওঁলোকতো মোৰ আপোন। তেওঁলোকৰ প্ৰতি মোৰ প্ৰেম স্বাভাৱিক। কিন্তু অচিনাকী এজনৰ সৈতে হোৱা প্ৰেমনো কি?

-  তুমি যেতিয়া কাৰোবাৰ কাৰণে নিজৰ সমস্ত পৰিত্যাগ কৰিব পৰা হ'বা, নিজৰ স্বাৰ্থ এৰি কেৱল তেওঁৰ সূখৰ কথা চিন্তা কৰিবা, অসীম দূৰত্বত থাকিলেও কেৱল তেওঁৰ মংগল কামনা কৰিবা, সে‌য়াই হ'ব প্ৰেম।

-  কিন্তু মই কেনেকৈ গম পাম যে মোৰ প্ৰেম হৈছে?

-  যেতিয়া তুমি তেওঁ নোকোৱাকৈ তেওঁৰ মনৰ কথা বুজি পোৱা হ'বা, তেতিয়া গম পাবা যে তোমাৰ প্ৰেম হৈছে।

-  কিন্তু একো নোকোৱাকৈ কাৰোবাৰ মনৰ কথা কেনেকৈ বুজিব পাৰি?

-  এই আঁকৰী!‌ এয়াই হ'ল প্ৰেম… য'ত একো নোকোৱাকৈয়ে ইজনে সিজনৰ মনৰ কথা বুজিব পাৰি।  তুমি বাৰু জানানে প্ৰেমৰ ভাষা কি?

- ওমহো…. কি নো?

-  নিৰৱতা!‌ নিৰৱতাই হ'ল প্ৰেমৰ ভাষা!

-  নিৰৱতা!‌ এয়া কেনেকৈ সম্ভৱ?

-  এয়া সম্ভৱ অ'‌ শিখা… প্ৰেম বিনিময়ৰ মাধ্যম হ'ল মৌনতা। কেৱল তাক বুজিব পাৰিব লাগিব। যিটো কলা প্ৰেমিকৰ মাজত লুকাই থাকে।

-  মৌনতা আকৌ কেনেকৈ বুজা যায়? এই আকাশ…. তোমাৰ এই কথাবোৰ বুজি পোৱা মোৰ পক্ষে সম্ভব নহয়। মই শুই যাওঁ দিয়া। Goodnight.
.
.
.
আৰু এনেকৈয়ে অন্ত পৰিল আমাৰ কথোপকথনৰ। সচাঁই, তাই কাহানি নুবুজে মোৰ কথাবোৰ। নিৰৱতা বাৰু বুজিবনে?

NLC Part 4 (সংযোগ আৰু সংঘাত)

 "নৰকাসুৰ দেওৱে পালে নেকি? দুৱাৰদলিৰ ইপাৰো নোহোৱা, সিপাৰোঁ নোহোৱা যে?" তাই চক্ খাই উঠিল। পিছফালে ঘূৰি চালে তাই। মিঠা বৰণীয়া, টানি ...